অসম

পৰাজয় স্বীকাৰ কংগ্ৰেছৰ, সংবাদমেল সম্বোধন কৰি কি ক’লে কংগ্ৰেছ সভাপতি ভূপেন বৰাই…?

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত ঘোষণা কৰা হ’ল উপ নিৰ্বাচনৰ ফলাফল।

আটাইকেইখন আসনতে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয় বিজেপি মিত্ৰজোঁটে।

আনহাতে বিৰোধিৰ স্থিতি অতি দুৰ্বল পৰিলক্ষিত হয় উপ-নিৰ্বাচনৰ ফলাফলত।

এই ফলাফল ঘোষণা হোৱাৰ পিছতেই কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পৰাজয়ৰ কথা স্বীকাৰ কৰি কয় যে ফলাফল শাসনাধিষ্ঠিত দলটোৰ সপক্ষেই যোৱাটো একপ্ৰকাৰ অৱধাৰিত৷

বিভিন্ন সময়ৰ পূৰ্বৱৰ্তী উপ-নিৰ্বাচনসমূহৰ ফলাফলে এই শিক্ষাই দি থৈ গৈছে৷

বৰাই কয় যে ‘স্বাভাৱিকতে ৰাজনৈতিক দল হিচাপে আমি নিৰ্বাচনত জয়লাভ কৰিলে আনন্দিত হলোহেঁতেন, কিন্তু পৰাজিত হ’লোঁ বাবেও আমি হতাশ হোৱা নাই।

সৰ্বসাধাৰণ ৰাইজে চৰকাৰত থকা দলটোৰ পক্ষত থাকিলে নিজৰ অঞ্চলটোৰ উন্নতি সম্ভৱ হৈ উঠিব বুলি ধাৰণা কৰি লয় আৰু সেয়া একান্ত স্বাভাৱিক কথা বুলি মন্তব্য বৰাৰ।

লগতে উপ-নিৰ্বাচনত কষ্ট কৰা প্ৰতিগৰাকী কংগ্ৰেছ নেতা কৰ্মীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ভূপেন বৰাই।

সভাপতি বৰাই আৰু কয় যে, পেট্ৰল, ডিজেল, ৰন্ধন গেছ, মিঠাতেলকে ধৰি নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদৰ প্ৰতীক হিচাপে কংগ্ৰেছ দলে এই নিৰ্বাচনটোক গ্ৰহণ কৰিছিল যাতে ৰাইজে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ চৰকাৰখনক এইবোৰ অত্যাৱশ্যকীয় স-সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য কৰাব পাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *