অসম

প্ৰিয় বন্ধু কেকেলৈ গীতেৰে শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গৰ, গালে এইটো জনপ্ৰিয় গীত…

গীতেৰে অজস্ৰ জনৰ অন্তৰ জয় কৰা বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কেকে (KK) আৰু নাই।

লাখ লাখ অনুৰাগীক কন্দুৱাই চিৰদিনৰ বাবে বিদায় ল’লে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে।

কলকাতাত এক অনুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতে অসুস্থ হৈ কৰুণ মৃত্যুক সাৱটি লৈছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

image 106

কে কেৰ আকস্মিক মৃত্যুৰ খবৰ লাভ কৰিয়েই শোকস্তব্ধ হৈ পৰিছিল সমগ্ৰ দেশ।

শোক ভাগি পৰিছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। আনকি কে কেৰ মৃত্যুৰ খবৰৰ বাবে নিশা শুব পৰা নাছিল জুবিনে।

সেয়ে জুবিন গাৰ্গে প্ৰিয় বন্ধু কেকেলৈ গীতেৰে জনাইছে শ্ৰদ্ধাঞ্জলি।

কেকেৰ অতি জনপ্ৰিয় গীত ‘jarasa dilma da jaga tu’-শীৰ্ষক গীতত কণ্ঠ নিগৰাই জুবিনে।

জুবিনে লিখিছে- ভাই, তোমাৰ স্মৃতিত মই এইটো কামেই কৰিব পাৰোঁ! মই নিশ্চিতভাৱে জানো, আহিবলগীয়া প্ৰজন্মই তোমাৰ সংগীতক তেওঁলোকৰ হৃদয় আৰু ওঁঠত জীয়াই ৰাখিব!

image 104

লগতে তেওঁ লিখিছে- এয়া হৈছে আমাৰ প্ৰজন্মৰ এজন মহান গায়কৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি – একক আৰু একমাত্ৰ।