তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা।
ইতিমধ্যে ২১ আগষ্টত অনুষ্ঠিত হৈ যায় চতুৰ্থ বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা।
পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ কঠোৰ পদক্ষেপ।
আনকি পৰীক্ষা অনুষ্ঠিত দিন দুটাত আগবেলা দুঘণ্টা আৰু পিছবেলা দুঘণ্টাকৈ মুঠ চাৰিঘণ্টা ইণ্টাৰনেট বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
হোৱাটছএযোগে কোনেও প্ৰশ্নকাকত ভাইৰেল কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ।
এই সন্দৰ্ভত ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে ন্যায়ালয়ৰ মজিয়া পায়গৈ চৰকাৰীভাৱে ইণ্টাৰনেট বন্ধ কৰাৰ নিৰ্দেশনাৰ প্ৰসংগ।
ৰাজ্য চৰকাৰৰ এই পৰিকল্পনাহীন সিদ্ধান্তক প্রত্যাহ্বান জনাই ২২ আগষ্টত সামাজিক ক্ষেত্ৰৰ সক্ৰিয় কৰ্মী গুৱাহাটীৰ ৰাজু প্ৰকাশ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে।
কিন্তু ২৮ আগষ্টৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাতো ৰাজ্যত কৰ্তন হ’ব ইণ্টাৰনেট সেৱা।
কিয়নো নিযুক্তি পৰীক্ষাত ইণ্টাৰনেট কৰ্তনত নাথাকিব কোনো বাধা। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ে নিদিলে স্থগিতাদেশ।
লেখ আবেদনৰ দুদিনীয়া শুনানিৰ অন্তত এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি চৰকাৰে ইণ্টাৰনেট কৰ্তনত কোনো বাধা নাই বুলি উল্লেখ কৰে উচ্চ ন্যায়ালয়ে।









