অসমঅসমীয়া

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ জুমুঠি দাহ হিন্দু সচেতন মঞ্চৰ

নিউজ ডেস্ক। কমলপুৰত হিন্দু সচেতন মঞ্চই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিমূৰ্তি দাহ কৰে।

কামৰূপ জিলাৰ কমলপুৰত ঢলপুৰ কাণ্ডৰ লগত সংগতি ৰাখি অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত কমলপুৰত হিন্দু সচেতন মঞ্চই ভূপেন বৰা গ’ বেক, ভূপেন বৰা মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে প্ৰতিবাদকাৰীসকলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিমূৰ্তি দাহ কৰি পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিমূৰ্তি দাহ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক সকীয়াই দিয়ে যে আগন্তুক দিনত যাতে বাংলাদেশীক ৰক্ষণাবেক্ষণ নিদিয়ে।

লগতে চাওকঃ সাপ্তাহিক ৰাশিফল (২৬ ছেপ্টেম্বৰৰ পৰা ২ অক্টােবৰলৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *