অসম

‘প্ৰথমতে কথা, শেষত গতা…’, ৰাজ্যসভাৰ নিৰ্বাচনৰ পিছতে পুনৰ কবিৰ ৰূপত আত্মপ্ৰকাশ ভূপেন বৰাৰ

ৰাজ্যসভাৰ নিৰ্বাচনৰ পিছতে পুনৰ কবিৰ ৰূপত আত্মপ্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

এইবাৰ সাংবাদিকৰ সন্মুখত তেওঁ পাঠ কৰিলে ‘ৰাজসভা’ শীৰ্ষক তেওঁৰ নৱতম কবিতা।

কবিতা কবিৰ মনৰ স্বতঃস্ফূৰ্ত বহিঃপ্ৰকাশ বুলি মন্তব্য কৰি ভূপেন বৰাই তেওঁৰ নতুন কবিতাটো অসমৰ ৰাইজৰ প্ৰতি আগবঢ়ায়।

কবি ভূপেন বৰাৰ কবিতাটো এনেধৰণৰ-

ৰাজসভা

প্ৰথমতে কথা, শেষত গতা
কথাতো আছে মজা

বিৰোধীৰ ঐক্য লাগে
ঐক্যৰ বাবে পঞ্জীয়নৰ মাচুল নালাগে
বিৰোধী অনৈক্য লাগে
কাৰণ…
অনৈক্যৰ মাজত আছে এনআইএৰ অফাৰ
সুগন্ধিৰ বজাৰ, হেড ছাৰৰ প্ৰচাৰ
কোনেও নকৰে বিমুখ এইবাৰ

ধোৱা তুলসীৰ পাত হৈ ৰ’ল
ক্ৰেতা আৰু বিক্ৰেতা
নিশব্দে নিঃপালি দিছে সজাগ জনতা

উতলি উফন্দি ঢৌ খেলি মাৰ যায়
খবৰৰ ডাটা
প্ৰথমতে কথা, শেষত গতা
কথাতো আছে মজা

পৌৰ সভা নিৰ্বাচনৰ পিছত ৰাজ্যসভা নিৰ্বাচনতো পৰাজয় বৰণ কৰা কংগ্ৰেছৰ প্ৰদেশ সভাপতিগৰাকী পুনৰ এবাৰ এনেদৰে কবিৰ ৰূপত আত্মপ্ৰকাশ কৰাক লৈ শাসকীয় বিজেপিয়ে তীব্ৰ কটাক্ষ কৰা পৰিলক্ষিত হয়। বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক জয়ন্ত মল্ল বৰুৱাই ভূপেন বৰাই এতিয়া কবিতা লিখক, গীত লিখক বুলি উপলুঙা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *