প্ৰকৃতিৰ ৰোষত মণিপুৰ! ভূমিস্খলনত প্ৰাণ হেৰুৱালে এগৰাকী অসমৰ জোৱানে, সন্ধানহীন বহু শ্ৰমিক…

প্ৰকৃতিৰ ৰোষত মণিপুৰ।

মণিপুৰৰ ননে জিলাত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনে ৭ জনকৈ সেনা জোৱানৰ লগতে কেইবাজনো শ্ৰমিকৰ প্ৰাণ কাঢ়িলে।

এতিয়াও সেনা জোৱানৰ লগতে অসমৰ ১৭জনকৈ শ্ৰমিক সন্ধানহীন হৈ আছে।

এই ভয়াৱহ ভূমিস্খলন সংঘটিত হৈছে জিৰবাম-ইম্ফল সংযোগী ৰে’ল প্ৰকল্পত। দেশৰ ৰে’ল মানচিত্ৰত মণিপুৰক সংযুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে মণিপুৰত চলাই আছে নিৰ্মাণ কাৰ্য।

১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বৃহৎ ৰে’ল প্ৰকল্পৰ নিৰ্মীয়মাণ টুপুল ষ্টেচনত বৃহস্পতিবাৰে সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত নিমিষতে মৃত্যু উপত্যকাত পৰিণত হয়।

মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনত অসমৰ দুগৰাকীকৈ লোকৰ মৃত্যু। নিহত লোক দুগৰাকীৰ এগৰাকী মৰিগাঁও লাহৰিঘাটৰ শ্ৰমিক আৰু আন গৰাকী বজালীৰ সেনা জোৱান জিয়াৰুল ইছলাম।

মণিপুৰৰ ন’নৱে জিলাত বুধবাৰে নিশা ভূমিস্খলনত প্ৰাণ হেৰুৱাই জিয়াৰুল ইছলামে।

কৰ্তব্যৰত অৱস্থাত ভূমিস্খলনত প্রাণ হেৰুৱায় জোৱানজনে।

আজি জোৱানজনৰ নশ্বৰদেহ অনা হ’ব নিজ বাসগৃহলৈ।

৯ বছৰ পূৰ্বে সেনা বাহিনীত যোগদান কৰিছিল জিয়াৰুলে।

২৯ বছৰীয়া সেনা জোৱানজনৰ মৃত্যুত বজালীত গভীৰ শোকৰ ছাঁ পৰিছে।

ইফালে এই ঘটনাত মৰিগাওঁ জিলাৰ লাহৰিঘাট সমষ্টিৰ ১৭ জনকৈ শ্ৰমিকো নিৰুদ্দিষ্ট হৈ আছে।

টুপুল ষ্টেচনৰ কামত নিয়োজিত হৈ আছিল শ্ৰমিক সকল।শ্ৰমিক সকলৰ লগতে ৰে’লৱেৰো ৩ অভিযন্তা নিখোজ হৈ আছে। ঘটনাস্থলীত উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে এই ঘটনাৰ শোক প্ৰকাশ কৰাৰ লগতে উদ্ধাৰ অভিযান তৎপৰ কৰিবলৈ যিধৰণৰ সহায়ৰ প্ৰয়োজন সকলো কৰিব বুলি মণিপুৰৰ মুখ্যমন্ত্ৰীক টেলিফোনৰ জৰিয়তে জনাইছে।