অসম

প্ৰকাশ হ’ল অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী…

প্ৰকাশ হ’ল অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী।

ৰাজ্যৰ বৰ্ধিত ক’ভিড পৰিস্থিতিৰ মাজতে বুধবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা সূচী ঘোষণা কৰে।

সেই অনুসৰি ১৫ মাৰ্চ মঙলবাৰৰ পৰা পৰীক্ষা আৰম্ভ হ’ব আৰু ১২ এপ্ৰিলত এই পৰীক্ষাৰ সামৰণি পৰিব।

বিভিন্ন বিষয়ৰ পৰীক্ষা সমূহ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু আবেলি ১.৩০ বজাৰ পৰা ৪.৩০লৈ দুটা শাখাত অনুষ্ঠিত হ’ব।

Capture1 37

ইপিনে, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ব্যাৱহাৰিক পৰীক্ষা সমূহ ২১ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হৈ ১০ মাৰ্চত সামৰণি পৰিব।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে বৰ্তমান সময়ত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাত বহিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলকে ক’ভিড ভেকচিন প্ৰদান কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *