প্ৰকাশ পালে ক’ভিডৰ নতুন SOP, সন্ধিয়া ৫ বজালৈকে খুলিব পাৰিব দোকান-পোহাৰ…

প্ৰকাশ পালে ক’ভিডৰ নতুন SOP।

বিভিন্ন ক্ষেত্ৰত কৰা হৈছে শিথিলতা।

ৰাজ্যত দিনৰ ভাগত সান্ধ্য আইন শিথিল, নিশাৰ ভাগতহে আংশিক সান্ধ্য আইন বাহাল থাকিব।

 ৰাজ্যত বলবৎ হৈ থকা সান্ধ্য আইনৰ সময়সীমা সন্ধিয়া ৫ বজাৰ সলনি ৬ বজালৈ কৰা হৈছে।

সকলো জিলাতে সন্ধিয়া ৬.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন।

সকলো জিলাতে সন্ধিয়া ৫.০০ বজালৈ খোলা থাকিব দোকান-পোহাৰৰ লগতে সকলো কাৰ্যালয়।

বন্ধ থাকিব আন্ত জিলা যাতায়ত।

অন্তঃ জিলা সামগ্ৰী পৰিবাহী বাহনৰ চলাচলত নাথাকিব কোনো নিষেধাজ্ঞা।

বিয়া বা মৃতকৰ অনুষ্ঠানত ১০ জন লোক উপস্থিত থাকিব পাৰিব।

ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

মঙ্গলবাৰৰ পুৱা ৫ বজাৰ পৰা প্ৰযোয হ’ব এইসমূহ নিয়ম।

Image

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বঙাইগাঁও জিলা চিকিৎসালয়ত সোমবাৰে আয়োজিত এক সংবাদ মেলত এই নতুন এছ অ’ পি ঘোষণা কৰিছে।

Leave a Comment