অসম

প্রতিবন্ধকতাক নেওচি এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত গুৱাহাটীৰ দৃষ্টিহীন বিক্রমজ্যোতি দাস…

শাৰীৰিক প্রতিবন্ধকতা কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে।

এই কথাষাৰকেই যেন পুনৰ বাৰ সঁচা প্ৰমাণিত কৰিলে গুৱাহাটীৰ এগৰাকী যুৱকে।

দীৰ্ঘদিনীয়া প্ৰস্তুতি আৰু মানসিক শক্তিৰ বলত এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত হ’বলৈ সক্ষম হৈছে গুৱাহাটীৰ বিক্ৰমজ্যোতি দাস নামৰ এজন দৃষ্টিহীন যুৱক।

দুচকুৰে পোহৰ নেদেখিলেও অদম্য মানসিক শক্তি আৰু লক্ষ্যত উপনীত হোৱাৰ দুৰ্বাৰ হেঁপাহৰ বলত বিক্ৰমজ্যোতি দাসে এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত হোৱাৰ অভিযান সফল কৰিছে।

image 222

গুৱাহাটীৰ জয়ানগৰৰ বাসিন্দা বিক্রমজ্যোতি দাসে যোৱা ১৩ অক্টোবৰত গুৱাহাটীৰ পৰা কাঠমাণ্ডু অভিমুখে ৰাওনা হৈছিল। কাঠমাণ্ডুৰ পৰা তেওঁ ছজনীয়া সতীৰ্থৰ সৈতে এভাৰেষ্টৰ বেছ কেম্প অভিমুখে ৰাওনা হৈ অৱশেষত গন্তব্যস্থানত উপস্থিত হয়।

ধনবাদৰ ইণ্ডিয়ান স্কুল অব্ মাইনছৰ প্ৰাক্তন ছাত্ৰ খনি অভিযন্তা বিক্রমে ২০১১ চনত কৰ্মক্ষেত্ৰত সংঘটিত এক দুর্ঘটনাত দুচকুৰ দৃষ্টি হেৰুৱাইছিল। ইয়াৰ পিচত তেওঁ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ ভাৰতীয় ষ্টেট বেংকৰ ডিজিটেল লেনদেন শাখাৰ প্ৰবন্ধক হিচাপে চাকৰি লাভ কৰে।

image 223

দৃষ্টিশক্তি নাথাকিলেও স্বাভাৱিকভাৱেই লেপটপ, ম’বাইল ফোন ব্যৱহাৰ কৰা বিক্ৰমজ্যোতিয়ে এভাৰেষ্ট জিনাৰ পৰিকল্পনাৰে প্ৰথমতে এভাৰেষ্টৰ বেছ কেম্প অভিমুখে যোৱাৰ পৰিকল্পনা কৰিছিল। শেহতীয়া দুটা মাহ গুৱাহাটীৰ বিভিন্ন পাহাৰ বগাই অনুশীলন কৰা বিক্ৰমজ্যোতি দাসৰ এই সফলতাত তেওঁৰ শুভাকাংক্ষী তথা পৰিয়ালৰ লোক উৎফুল্লিত হৈছে।

আন্ধাৰ পৃথিৱীখনক নিজৰ ৰঙেৰে ৰঙীন কৰা বিক্ৰমজ্যোতি দাস দুটা সন্তানৰ পিতৃ। তেওঁৰ এই অভিযানত পত্নী মনালিছা দাসে যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল।