পূজাৰ বতৰত আন এক মাধমাৰ! পেট্ৰ’ল আৰু ডিজেলত ৰাজ্য চৰকাৰে বৃদ্ধি কৰিব ৰাজ্যিক কৰ…

পূজাৰ বতৰত ৰাজ্যবাসীক আন এক মাধমাৰ দিবলৈ সাজু চৰকাৰ।

পেট্ৰ’ল আৰু ডিজেলত ৰাজ্য চৰকাৰে বৃদ্ধি কৰিব ৰাজ্যিক কৰ।

প্ৰতিলিটাৰ পেট্ৰ’লত ১ টকা, ডিজেলত ২ টকাকৈ কৰ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

২৩ ছেপ্টেম্বৰৰ কেবিনেটত লোৱা হৈছিল এই সিদ্ধান্ত।

উল্লেখ্য যে, পেট্ৰ’ল-ডিজেল, গেছ চিলিণ্ডাৰৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰি আহিছে সাধাৰণ জনতাক।

শেহতীয়া ভাৱে পূজাৰ প্ৰাকক্ষণত পেট্ৰ’ল-ডিজেলৰ কৰ বৃদ্ধিয়ে বাৰুকৈয়ে জুৰুলা কৰিব বুলি আশংকা কৰা হৈছে।