পুনৰ ৰক্তাক্ত হোৱাৰ দিশে নামনি অসম! পৃথক কমতাপুৰৰ দাবীৰে নতুন সশস্ত্ৰ সংগঠন GCLO ৰ জন্ম…

পৃথক কমতাপুৰৰ দাবীৰে অসমত আকৌ ভূমিষ্ঠ এটা নতুন সশস্ত্ৰ সংগঠনৰ।

এই সংগঠনটিৰ নাম জি চি এল অ’ অৰ্থাৎ গ্ৰেটাৰ কোচবিহাৰ লিবাৰেচন অৰ্গেনাইজেশ্ব্যন।

ইতিমধ্যে সংগঠনটোৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজদ্বীপ কোচ ওৰফে ৰঞ্জিত বৰ্মণে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এক ভিডিঅ’ বাৰ্তা।

য’ত, KLO আৰু চৰকাৰৰ সৈতে আলোচনা ফলপ্ৰসূ নহ’লে হাতত অস্ত্ৰ লোৱাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

এই ভিডিঅ’ বাৰ্তাৰ সৈতে আছিল বুজন পৰিমাণৰ মাৰণাস্ত্ৰৰো আলোকচিত্ৰ।

উল্লেখ্য যে, পৃথক কমতাপুৰৰ দাবীৰে সশস্ত্ৰ সংগ্ৰামৰ পণ গ্ৰহণ কৰা জীৱন সিংহৰ লগতে কেইবাজনো নেতাই দুটা দশকৰো অধিক কাল সংগ্ৰামৰ সৈতে জড়িত হৈ থাকি অৱশেষত শান্তি আলোচনাৰ বাবে মূলসুতিলৈ উভতি আহিছিল।

অৱশ্যে মূলসুতিলৈ উভতি আহিলেও জীৱন সিংহৰ সৈতে নাছিল আন শীৰ্ষ বিষয়া অথবা অস্ত্ৰ-শস্ত্ৰ। সকলো আছিল অৰণ্যৰ মাজতেই।

এতিয়া পুনৰ এক নতুন সশস্ত্ৰ সংগঠনৰ উত্থানে নিশ্চয়কৈ এক অস্তিৰতাৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে।