অসম

পুনৰ বিতৰ্ক! দেৱীৰ মুণ্ড লৈ ফটো উঠি বিতৰ্কত আইমী…

সামাজিক মাধ্যমত হঠাতে বিতৰ্কত সােমাই পৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা।

দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে বিতৰ্কত সাঙুৰ খাই পৰিছে অভিনেত্ৰী আইমী বৰুৱাৰ।

দেৱীৰ মুণ্ড হাতত লৈ ফটোশ্বুট কৰি বিতৰ্কত সোমাই পৰিছে অভিনেত্ৰী গৰাকী।

মহাসপ্তমীৰ দিনা অভিনেত্ৰী আইমী বৰুৱাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰে এখন বিশেষ ফটো।

ফটোখনত অভিনেত্ৰীগৰাকীক দেৱী দুৰ্গাৰ মুখ এখন হাতত লৈ ফটো উঠা দেখিবলৈ পোৱা গৈছে।

ইয়াৰ পাছতে সামাজিক মাধ্যমত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

আনকি অভিনেত্ৰী গৰাকীয়ে ফেচবুকত দিয়া পোষ্টত কমেন্ট কৰি বহুতে ক্ষোভ উজৰা পৰিলক্ষিত হয়।

শক্তি স্বৰুপেনী দেৱী দুৰ্গাৰ পূজাৰ সময়তে দেৱীৰ ছিন্ন মুণ্ড হাতত লৈ ফটোশ্বুট কৰি অভিনেত্ৰীগৰাকীয়ে ধৰ্মীয় বিশ্বাস আৰু আস্থাত আঘাত হনা বুলি বহুতেই অভিযোগ কৰে।

May be an image of 2 people and outdoors

মন্ত্ৰী পত্নী হোৱাৰ বাবেই তেওঁ যি মন যায় তাকেই কৰিবলৈ লৈছে বুলি অভিযোগ কৰে বহুতেই।

Leave a Reply

Your email address will not be published. Required fields are marked *