পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ, কোম্পানীত কৰ্মৰত অৱস্থাত অসুস্থ হৈ সন্তোষৰ মৃত্যু…

পুনৰ বহিঃৰাজ্যত কৰুণ মৃত্যুক সাৱটিলে অসমৰ এগৰাকী যুৱকে।

বহিঃৰাজ্যৰ কোম্পানীত কৰ্মৰত অৱস্থাত অসুস্থ হৈ অসমৰ যুৱকৰ মৃত্যু।

মৃত যুৱকজন সন্তোষ পানীকা বুলি জানিব পৰা গৈছে।

তিতাবৰৰ নগাবাট মুক্তিনগৰ গাঁৱৰ ৰাজেন পানীকা আৰু প্ৰতিমা পানীকাৰ একমাত্ৰ পুত্ৰ সন্তোষ পানীকা।

২৬ বছৰীয়া যুৱকজন তিনিবছৰ পূৰ্বে কাম কৰিবলৈ বুলি গৈছিল চেন্নাইলৈ।

ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল সন্তোষ পানীকা।

কাম কৰি থকা অৱস্থাতে হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ যুৱকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।