পুনৰ ছেপ্টেম্বৰত হ’ব ১০,০০০ চাকৰিত নিযুক্তি! ভৈৰৱকুণ্ডত অসম-অৰুণাচল সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা

ওদালগুৰি জিলাৰ ঐতিহ্যমদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত পৰ্যটন স্থলী ভৈৰৱকুণ্ডৰ ধনশ্ৰী নৈত মঙলবাৰে অসম-অৰুণাচল সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

প্ৰায় ৩৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা দলংখনৰ দৈৰ্ঘ্য হ’ব ৩২০ মিটাৰ।

দলঙখনে অসম-অৰুণাচল আৰু প্ৰতিৱেশী ৰাষ্ট্ৰ ভূটানক সংযোগ কৰাৰ লগতে যাতায়ত ব্যৱস্থা সূচল কৰিব।

image 203
পুনৰ ছেপ্টেম্বৰত হ’ব ১০,০০০ চাকৰিত নিযুক্তি! ভৈৰৱকুণ্ডত অসম-অৰুণাচল সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা 4

বিটিআৰ চুক্তিৰ আধাৰত ওদালগুৰি-ভৈৰৱকুণ্ড পথৰ ধনশ্ৰী নৈত দলংখন নিৰ্মাণ কৰা হৈছে।

আজি আধাৰশিলা স্থাপন কৰা দলংখন ২০২৫ চনৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হৈ উঠিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

দলং খনৰ আধাৰশিলা স্থাপন কৰি এক বিশাল জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

image 202
পুনৰ ছেপ্টেম্বৰত হ’ব ১০,০০০ চাকৰিত নিযুক্তি! ভৈৰৱকুণ্ডত অসম-অৰুণাচল সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা 5

তেওঁ কয়- এক লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যত পুনৰ ১০,০০০ চাকৰিত নিযুক্তি দিব।

মুখ্যমন্ত্ৰীয়ে কয়– ‘ৰাইজক কৈছিলো, আমাৰ চৰকাৰ আহিলে ১ লাখ চাকৰি দিম। কিন্তু আমাক বিশ্বাস কৰা নাছিল, অলপতে বিধানসভাতো আমাক বিৰোধী কংগ্ৰেছে আমাক উপলুঙা কৰিছিল। ইতিমধ্যে আমাৰ চৰকাৰ অহাৰ পিছত ৩০ হাজাৰ চাকৰি দিলোঁ। ছেপ্টেম্বৰ মাহত পাঁচটা কমাণ্ডো বেটেলিয়নকে ধৰি আৰু ১০ হাজাৰ চাকৰি আমাৰ নিবনুৱা ল’ৰা-ছোৱালীৰ বাবে আগবঢ়াম।’

image 204
পুনৰ ছেপ্টেম্বৰত হ’ব ১০,০০০ চাকৰিত নিযুক্তি! ভৈৰৱকুণ্ডত অসম-অৰুণাচল সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা 6

ইপিনে শিক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ৪ হাজাৰখন হাইস্কুল উন্নয়নৰ বাবে ১০ হাজাৰ কৌটি টকা ব্যয় কৰিব বুলি বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।