পুনৰ চৰ্চাত ব্ৰাহ্মণ সমাজ! এঘৰীয়া কৰা লোকক প্ৰসাদ খাব দিয়াৰ বাবেই এঘৰীয়া হ’ল আন এঘৰ…

পুনৰ চৰ্চাত ব্ৰাহ্মণ সমাজ!

এঘৰীয়া কৰা লোকক মাতি প্ৰসাদ খাবলৈ দিয়াৰ বাবেই এঘৰীয়া হ’ল আন এঘৰ মানুহ।

দৰং জিলাত পুনৰ সংঘটিত হ’ল আধুনিক সমাজক লজ্জানত কৰা এই ঘটনা।

সমাজে পূৰ্বে এঘৰীয়া কৰা এখন ঘৰৰ এগৰাকী ব্যক্তিক ঘৰলৈ মাতি পুজাৰ প্ৰসাদ খাবলৈ দিয়াৰ অপৰাধতে সমাজে সমাজচ্যুত কৰিলে প্ৰসাদ খাবলৈ দিয়া পৰিয়ালটোকো।

মঙলদৈৰ পিছত এইবাৰ দৰঙৰ  ছিপাঝাৰৰ ব্যাসপাৰা অঞ্চলৰ  ২ নং ঘোঁৰাশাল গাঁৱত সংঘটিত হৈছে সমাজ সংকীৰ্ণতাৰ এই ঘটনা।

image 167
পুনৰ চৰ্চাত ব্ৰাহ্মণ সমাজ! এঘৰীয়া কৰা লোকক প্ৰসাদ খাব দিয়াৰ বাবেই এঘৰীয়া হ’ল আন এঘৰ... 3

গাঁওখনৰ আনন্দিপাৰা চুবুৰীৰ দীনেশ শৰ্মা নামৰ ব্যক্তি গৰাকীৰ ঘৰত পূজা উপলক্ষে বহু বছৰ পূৰ্বৰ পৰাই ব্ৰাহ্মণ সমাজে এঘৰীয়া কৰি থোৱা ব্যক্তি এগৰাকী পৰিয়ালটোৰ ঘৰত পূজাত উপস্থিত হৈ প্ৰসাদ খোৱাৰ অপৰাধত সমাজৰ শাস্তিৰ সন্মুখীন হৈছে দীনেশ শৰ্মাৰ পৰিয়ালটো।

আনকি  ব্ৰাহ্মণ সমাজে এক পত্ৰও প্ৰেৰণ কৰিছে পৰিয়ালটোলৈ।

image 160
পুনৰ চৰ্চাত ব্ৰাহ্মণ সমাজ! এঘৰীয়া কৰা লোকক প্ৰসাদ খাব দিয়াৰ বাবেই এঘৰীয়া হ’ল আন এঘৰ... 4

পত্ৰ অনুসৰি সমাজৰ নিয়ম ভংগ কৰাৰ বাবে আনন্দিপাৰা কালী মন্দিৰৰ অন্তৰ্গত পৰিয়ালসমুহৰ বাসগৃহত কোনো অনুস্থানতে ভাগ লব নোৱাৰিব দীনেশ শৰ্মাৰ পৰিয়ালটোৱে।

ইপিনে পৰিয়ালটোৰ মুল উপাৰ্জনকাৰী দীনেশ শৰ্মা বিগত এবছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ  থকাৰ বাবে পত্নীয়ে দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছিল।

কিন্তু উক্ত ঘটনাটোৰ পিছত ৰাইজে মহিলা গৰাকীক দিন হাজিৰাৰ বাবে বিছৰা নাই ৷ যাৰ ফলত আৰ্থিক সমস্যাৰ পৰাৰ লগতে মানসিক ভাবে ভাবে ভাগি পৰিছে পৰিয়ালটো।