পুনৰ ঘোচ কাণ্ড! উৎকোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ লাট মণ্ডল ৰঞ্জিত মহন্ত…

ঘোচ লৈ আকৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এগৰাকী চৰকাৰী কৰ্মচাৰী।

মোটা অংকৰ দৰমহা লাভ কৰিও দুটকা অধিক উপাৰ্জনৰ লালসাত ঘোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’বলগীয়া হল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী।

এইবাৰ নগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

অভিযানত উৎকোচ গ্ৰহণৰ সময়তে হাটে লোটে কৰায়ত্ব কাৰ্যালয়টোৰ লাট মণ্ডল ৰঞ্জিত মহন্ত।

মাটি নামজাৰিৰ বাবদ দাবী কৰা ধন লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীজনে।