পুনৰ ঘােচকাণ্ড! ৪੦ হাজাৰ টকাৰ উৎকােচ লৈ গ্ৰেপ্তাৰ আবকাৰীৰ কনিষ্টবল তৰুণ বসুমতাৰী

নিউজ ডেস্ক। পুনৰ চৰকাৰী কাৰ্যালয়ত চলিল ভিজিলেন্সৰ অভিযান।

এইবাৰ অভিযান চলিল ওদালগুৰিৰ আবকাৰী বিভাগৰ কাৰ্যালয়ত।

এজন ভুক্তভােগীৰ পৰা আবকাৰী আইন উলংঘনৰ গােচৰ ৰুজু নকৰাৰ বাবদ ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ’ল এগৰাকী আবকাৰী কনিষ্টবল।

image 84
পুনৰ ঘােচকাণ্ড! ৪੦ হাজাৰ টকাৰ উৎকােচ লৈ গ্ৰেপ্তাৰ আবকাৰীৰ কনিষ্টবল তৰুণ বসুমতাৰী 3

এই ঘােচখােৰ কনিবষ্টবলজন হৈছে তৰুণ বসুমতাৰী।

জানিব পৰা মতে, গােচৰ ৰুজু নকৰাৰ বাবদ এজন লােকৰ পৰা ৪੦ হাজাৰ টকাৰ ঘােচ দাবী কৰি সেই টকা লােৱাৰ মুহূৰ্ততে ভিজিলেন্সৰ অভিযানকাৰী দলৰ হাতত গ্ৰেপ্তাৰ হয় তৰুণ বসুমতাৰী।

image 85
পুনৰ ঘােচকাণ্ড! ৪੦ হাজাৰ টকাৰ উৎকােচ লৈ গ্ৰেপ্তাৰ আবকাৰীৰ কনিষ্টবল তৰুণ বসুমতাৰী 4

এই কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ মুৰব্বী জি পি সিঙে।