অসম

পুনৰ এনকাউণ্টাৰ! এইবাৰ ধৰ্ষণত অভিযুক্তলৈ আৰক্ষীৰ গুলী…

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ।

এইবাৰ মৰিগাঁৱৰ লাহৰীঘাটত ধৰ্ষণত অভিযুক্তলৈ আৰক্ষীৰ গুলী চালনা।

লাহৰীঘাটৰ জেঙৰবড়ী গাঁৱৰ তিনিটাকৈ শিশুক বলাৎকাৰত অভিযুক্ত হৈ আছিল ৰজনীকান্ত দৈমাৰী। 

উল্লেখ্য যে ৫৫ বছৰীয়া লম্পট দৈমাৰীয়ে একে গাৱঁৰে তিনিগৰাকীকৈ শিশুক ফুচুলাই নি ধৰ্ষণকাণ্ড সংঘটিত কৰিছিল।

এই অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল ৰজনীকান্ত দৈমাৰী। 

জানিব পৰা মতে ঘটনাৰ ক্ষেত্ৰভিত্তিক তদন্তৰ বাবে মাজনিশা দৈমাৰীক ঘটনাস্থলীলৈ লৈ যোৱা সময়তে আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে ভৰিত দুটাকৈ গুলীৰে আঘাতপ্ৰাপ্ত কৰে।

বৰ্তমান গুৱাহাটী চিকিসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে অভিযুক্তটোক।

Leave a Reply

Your email address will not be published. Required fields are marked *