পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইত ভোটকো…

মৰাণত এইবাৰ কুখ্যাত চোৰলৈ আৰক্ষীৰ গুলীচালনা।

গুলীবিদ্ধ চোৰটো অৰুণ কুৰ্মী ওৰফে বিকাশ ওৰফে ভোটকো।

মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌৰ সমীপৰ কাছমাৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুৰ্ধৰ্ষ ডকাইত তথা বাইক চোৰ অৰুণ কুৰ্মী (৩০) ওৰফে ভোটকো।

মৰাণৰ ২নং কাছমাৰীত এই ঘটনা।

সম্প্ৰতি গুলীবিদ্ধ অৰুণ কুৰ্মীক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে।

গুলীবিদ্ধ চোৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৰিভলভাৰ,৩ জাঁই সক্ৰিয় গুলী, দুটা খালী কাৰ্টিজৰ লগতে চোৰটোৰ ঘৰত লুকুৱাই থোৱা আন এটা পইণ্ট ২২ পিষ্টল।

পূৰ্বেও কেইবাটাও চুৰিৰ ঘটনাত জড়িত আছিল অৰুণ কুৰ্মী।

আৰক্ষীৰ গুলীয়ে বাঁও ভৰিত আঘাতপ্ৰাপ্ত হৈছে কুখ্যাত চোৰটো।

অভিযানত অৰুণ কুৰ্মী ওৰফে ভোটকোক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা অনুসৰি, অৰুণ কুৰ্মী ওৰফে ভোটকোৱে আৰক্ষী অহাৰ উমান পাই নিজ বাসগৃহৰ লগতে লাগি থকা চাহ বাগানৰ ফালে পলায়ন কৰাৰ চেষ্টা চলাওতেই তেওঁ আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয়।

Leave a Comment