অসম

পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া…

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।

পুৱতি নিশা বিশ্বনাথত সংঘটিত হ’ল এনকাউন্টাৰৰ ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি, যোৱা নিশা প্ৰায় আঢ়ৈ মান বজাত বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানকাৰী দলৰ গুলীত গুলীবিদ্ধ হ’ল ফকিৰ আলি নামৰ এজন ড্ৰাগছ মাফিয়া।

অৱশ্যে বিশ্বনাথ জিলা আৰক্ষীয়ে এতিয়া পৰ্যন্ত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

উল্লেখ যে যোৱা, শুকুৰবাৰে বিয়লি বিশ্বনাথ জিলা আৰক্ষীৰ এটা অভিযানকাৰী কাৰী দলে গোপন সূত্ৰৰ পম খেদি বিশ্বনাথ চাৰিআলি অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ আস্থানৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল দুই ড্ৰাগছ মাফিয়াক।

এই দুই ড্ৰাগছ মাফিয়া হৈছে ইনামূল হক আৰু আনজনৰ নাম হ’ল ফকিৰ আলি। 

ঘটনা সন্দৰ্ভত জনিব পৰা অনুসৰি আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰিছিল ড্ৰাগছ মাফিয়া এটাই।

সেই সময়তেই ড্ৰাগছ মাফিয়াটোক কৰায়ত্ত কৰাৰ উদ্দেশ্যে ভৰিলৈ বুলি লক্ষ্য কৰি গুলি কৰে বিশ্বনাথ আৰক্ষীয়ে।

বৰ্তমানে তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে ফকিৰ আলিক।

Leave a Reply

Your email address will not be published. Required fields are marked *