পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাল অপৰাধী, দুৰ্ধৰ্ষ অপৰাধী ভাস্কৰজ্যোতি নাথৰ পলায়ন…

পুনৰ অসম আৰক্ষীৰ জিম্মাৰ পৰা পলাল এগৰাকী অপৰাধী।

হত্যা-বলাৎকাৰ আদি গােচৰত অভিযুক্ত দুৰ্ধৰ্ষ অপৰাধী ভাস্কৰজ্যোতি নাথৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন।

তেজপুৰ চহৰৰ মাজমজিয়াৰ পৰাই আৰক্ষীৰ বেহু ফালি পলায়ন কৰিছে ভাস্কৰ নাথ নামৰ দুৰ্ধৰ্ষ অপৰাধী জন।

বহু কেইটা অপৰাধ সংঘটিত কৰা ভাস্কৰজ্যোতি নাথ কেইবা বছৰ ধৰি তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছিল।

কিন্তু কিছু দিন পূৰ্বে তেজপুৰ কাৰাগাৰত কাৰাবন্দী হৈ থকা আন এজন কয়দীক প্ৰহাৰ কৰাৰ অপৰাধত শাস্তিমূলকভাৱে বদলি কৰিছিল বিশ্বনাথৰ কেন্দ্ৰীয় কৰাগাৰলৈ।

সোমবাৰে তেজপুৰ আদালতলৈ আনি হাজিৰ কৰি পুনৰ বিশ্বনাথলৈ লৈ যোৱাৰ সময়তে ৰাবাৰ বাগান তিনিআলিত আৰক্ষীৰ বেহু ফালি পলায়ন কৰে দুৰ্ধৰ্ষ অপৰাধী ভাস্কৰজ্যোতি নাথে।

আৰক্ষীৰ জিম্মাৰ পৰা এনেদৰে এজন দুৰ্ধৰ্ষ অপৰাধী পলায়ন কৰা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ।