পত্নীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ১০ জনীয়া যুৱকৰ দলক গুৰুলা-গুৰুলকৈ প্ৰহাৰ OC ছাৰৰ, চাঞ্চল্য…

পত্নীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত এটা যুৱকৰ দলক গুৰুলা-গুৰুলকৈ প্ৰহাৰ OC ছাৰৰ।

মৰাণত আৰক্ষী বিষয়া বিজয় দৈমাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে গুণ্ডাগিৰিৰ অভিযোগ।

সুৰামত্ত অৱস্থাত OC বিজয় দৈমাৰীয়ে ১০ যুৱকক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ।

পত্নীক অপদস্থ কৰাৰ অভিযোগ তুলি নিৰ্মম প্ৰহাৰ যুৱককেইজনক।

জানিব পৰা মতে, শুকুৰবাৰে অৰুণাচলৰ জিৰ’ ফেষ্টিভেলৰ পৰা উভতি আহিছিল যুৱককেইজন। মৰাণৰ পেচিফিকা ইন নামৰ হোটেলখনত গ্ৰহণ কৰিছিল নৈশ আহাৰ। নিশা হোটেলখনত পত্নীসহ আহাৰ গ্ৰহণৰ বাবে গৈছিল আৰক্ষী বিষয়াজন। সহধৰ্মিনীক অপদস্থ কৰাৰ অভিযোগ তুলি নিশাই থানালৈ লৈ অনা হয় যুৱককেইজনক।

অভিযোগ অনুসৰি, পুৱতি নিশা ৩ বজাত ঘৰৰ পৰা উঠাই আনিছিল পাৰ্থজ্যোতি মেছ, সীমান্ত দেউৰীক আৰু দুয়োকে অজ্ঞাত স্থানত গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে। তাৰ পাছত বিভিন্ন স্থানৰ পৰা আটক কৰা হয় আন ৮ সদস্যক।

সদস্যকেইজন ক্ৰমে জ্ঞানদ্বীপ বৰগোঁহাই, নিতুল দত্ত, অমূল্য ৰাজবংশী। হেমন্ত বড়া, সুৰুজ গগৈ, উজ্জ্বল বৰুৱা, অছিফুদ্দিন লহকৰ, কেভিন কৱটছুক।

লকআপৰ ভিতৰত আটাইকেইজনক উলংগ কৰি বন্দুকৰ গাডীৰে প্ৰহাৰ কৰাৰ অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে।

ইয়াৰ পিছতে ডিমৌ আৰক্ষী থানা আৰু মৰাণহাট আৰক্ষী থানাত নিৰ্যাতনৰ বলি হোৱা দলটোৱে এজাহাৰ দাখিল কৰে।

ইপিনে বিজয় দৈমাৰীৰ পত্নীয়েও যুৱকৰ দলটোৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

যুৱকৰ দলটোৰ বিৰুদ্ধে শ্লীলতা হানিৰ অভিযোগ আৰক্ষী বিষয়াজনৰ পত্নীৰ। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ঘটনাৰ তদন্ত আৰম্ভ মৰাণহাট আৰক্ষীৰ।

ইপিনে, শেহতীয়াকৈ পােৱা খবৰ অনুসৰি মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে।