নৱেম্বৰ মাহত ঘোষণা হ’ব তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

আজি ঘোষণা কৰা হ’ল বহু প্ৰত্যাশিত চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল।

আগষ্ট মাহত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ ফলাফল আজি পুৱা ১১ বজাত ঘোষণা কৰা হৈছে।

প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট sebaonline.org ত ফলাফল লাভ কৰে।

২০২২ চনৰ আগষ্ট মাহত অনুষ্ঠিত হৈছিল চতুৰ্থ শ্ৰেণীৰ পদৰ লিখিত পৰীক্ষা আৰু ৰাজ্যৰ ২৫ খন জিলাত ৪,৪৩,৬৫৫ গৰাকীতকৈ অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

উল্লেখ্য যে, অসম প্ৰত্যক্ষ নিযুক্তিৰ অধীনত পৰীক্ষাৰ মুঠ ২৬,৪৪২টা পদৰ, ১৩,৩০০টা তৃতীয় শ্ৰেণীৰ আৰু ১৩,৩৪১টা পদ আছিল চতুৰ্থ শ্ৰেণীৰ বাবে।

ইপিনে নৱেম্বৰত ঘোষণা হ’ব তৃতীয় বৰ্গৰ নিযুক্তিৰ লিখিত পৰীক্ষাৰ ফলাফল।

আনহাতে ডিচেম্বৰত হ’ব চৰ্তুথ বৰ্গৰ লিখিত পৰীক্ষাত উৰ্ত্তীণ সকলৰ মৌখিক পৰীক্ষা। ‘মুখ্যতঃ লিখিত পৰীক্ষাৰ ফলাফলেই নিৰ্ণয় কৰিব নিযুক্তি’। মৌখিক পৰীক্ষাত থাকিব মাত্ৰ ৫ নম্বৰ।

এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।