অসম

ন্যায়ালয়ৰ বাধাক সন্মান জনাই অনুষ্ঠিত পৰম্পৰাগত প্ৰতীকী ম’হযুজ

শিৱসাগৰৰ কালুগাঁও জাপিসজীয়া পথাৰত অনুষ্ঠিত পৰম্পৰাগত ম’হযুঁজ।

ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি দুটা গোনাম’হৰ যুঁজত কপি উঠিল জাপিসজীয়া পথাৰ।

এফালে যদি ন্যায়ালয়ৰ ম’হযুঁজত বাধা আৰোপ, আনফালে পৰম্পৰা ৰক্ষাৰ যুঁজ।

ইয়াৰ মাজতে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি নৱপ্ৰজন্মক চিনাকি কৰাই দিবৰ বাবে আৰু ন্যায়ালয়ৰ বাধাক সন্মান জনাই অনুষ্ঠিত হ’ল প্ৰতীকী ম’হযুঁজ।

অসমত অতীজৰে পৰাই পৰম্পৰা ৰক্ষা কৰি মাঘ বিহুৰ সময়ত ম’হযুঁজ, কণীযুঁজ, বুলবুলি চৰাইৰ যুঁজ আদি অনুষ্ঠিত হৈ আহিছে।

এই পৰম্পৰা অসমত আহোম ৰজাৰ দিনৰ পৰাই প্ৰচলিত হৈ আহিছে বুলি জনা যায়।

আহোম স্বৰ্গদেউসকলে ৰংপুৰৰ ৰূপহী পথাৰত ৰংঘৰৰ ওপৰৰ পৰাই এই খেল উপভোগ কৰিছিল। মাঘ বিহুত যুঁজত অংশগ্ৰহণ কৰা ম’হবোৰক আহিন-কাতি মাহৰে পৰাই প্ৰতিপালন কৰি সাজু কৰি তোলা হয়।

নৱপ্ৰজন্মক ম’হযুঁজৰ বিষয়ে সম্যক জ্ঞান দিবৰ কাৰণে আৰু ঐতিহ্য ৰক্ষা কৰি অনুষ্ঠিত কৰি আহিছে প্ৰতীকী ম’হযুঁজ।

প্ৰতীকী ম’হযুঁজ চাবলৈ উদগ্ৰীৱ গাঁওবাসী। শ শ লোকে ম’হযুঁজ চাই আনন্দ লভিলে।

ক’ভিড পৰিস্থিতিৰ মাজতো গাঁওবাসীয়ে প্ৰতীকী ম’হযুঁজ কৰি ঐতিহ্য আৰু পৰম্পৰাক সন্মান জনালে।

এনেদৰে ন্যায়ালয়ৰ বাধাক সন্মান জনাই জাপিসজীয়া গাঁওবাসীয়ে আমোদ ল’লে প্ৰতীকী ম’হযুঁজ চাই।

বহু বছৰ পূৰ্বে জাপিসজীয়া পথাৰত প্ৰকৃত ম’হযুঁজ হৈছিল যদিও ন্যায়ালয়ৰ বাধাৰ পাছতে প্ৰতীকী ম’হযুঁজ আৰম্ভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *