ন্যায়ালয়ৰ চৌহদত দলিলৰ ক’লা বজাৰ! আৰক্ষীৰ জালত পৰিল ৩ ভেণ্ডৰ…

ন্যায়ালয়ৰ চৌহদত দলিলৰ ক’লা বজাৰ!

অধিক মূল্যত দলিল বিক্রী কৰা তিনিজনক গ্ৰেপ্তাৰ, ৬ জনক আটক।

গোৱালপাৰা জিলা আদালত চৌহদত প্রকৃত মূল্যতকৈ দুগুণ মূল্যত দলিল বিক্রী কৰা তিনিজন ভেণ্ডৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

জানিব পৰামতে জিলা আদালত চৌহদত ভেণ্ডৰসকলে এশ টকাৰ দলিল দুশ টকাত বিক্ৰী কৰাত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ বাবে প্ৰয়োজন হোৱা দলিল ক্ৰয় কৰা আৰু নতুনকৈ যোগদান কৰা অধিবক্তাসকল ব্যাপক অসুবিধাৰ সন্মুখীন হৈছিল।

এই সন্দৰ্ভত গোৱালপাৰা অধিবক্তা সন্থাৰ সভাপতি অধিবক্তা জিতেন দাসে যোৱা ১৭ ছেপ্টেম্বৰত গোৱালপাৰাৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল।

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আদালত চৌহদৰ পৰা তিলক চন্দ্ৰ পাটগিৰি, এ জামান আৰু মদন ৰায়ক গ্রেপ্তাৰ কৰে।

ইপিনে জিলা আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশে অভিযান চলাই অধিক মূল্যত দলিল বিক্ৰী কৰা আন ছজন ভেণ্ডৰক আটক কৰে।

অভিযোগ অনুসৰি, আদালতৰ মুখ্য ন্যায়াধীশে গ্ৰাহকৰ ৰূপত দলিল ক্রয় কৰিবলৈ অহাৰ পিচতো ভেণ্ডৰসকলে এশ টকাৰ দলিলৰ বাবদ দুশ টকা বিচাৰিছিল।

আটক ভেণ্ডৰসকল হ’ল আজিবৰ ৰহমান খন্দকাৰ, এ জামান, দুৰ্গেশ্বৰ সিনহা, দিলদাৰ হুছেইন, টি পাটগিৰি আৰু চোলেমান হুছেইন।

অৱশ্যে মুখ্য ন্যায়াধীশগৰাকীয়ে তেওঁলোকৰ পৰা ভৱিষ্যতে অধিক দাম নোলোৱাৰ লিখিত প্ৰতিশ্ৰুতি ৰাখি আটকাধীন ৬জনক এৰি দিয়ে।