ৰাজ্যত অব্যাহত আছে চোৰাং গৰু সৰবৰাহ।
নিতৌ ন ন কৌশল অবলম্বন কৰি চোৰাং গৰু সৰবৰাহ কৰি আহিছে গৰু মাফিয়াই।
পুনৰ যাত্ৰীবাহী নৈশ বাছৰ পৰা উদ্ধাৰ হৈছে ৩৪ টাকৈ চোৰাং গৰু।

কলিয়াবৰৰ মিছাত শনিবাৰে পুৱতি নিশা আৰক্ষীয়ে জব্দ কৰে গো ধন ভৰ্তি এখন নৈশ বাছ।
এ এছ ০১ ডিচি ৪৪৪২ নম্বৰৰ ‘ৰাঘৱ’ নামৰ নৈশ বাছখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে গৰুকেইটা।
বাছখনত যাত্ৰীৰ আসন সমূহ আঁতৰাই সৰবৰাহ কৰা হৈছিল গৰু কেইটা।
আৰক্ষীয়ে বাছ খন অনুসৰণ কৰাৰ উমান পাই পথৰ কাষতে বাহন খন ৰখাই চক্ৰটো পলায়ন কৰে বুলি আৰক্ষীয়ে জানিব দিয়ে।
নগাঁও অভিমুখী ‘ৰাঘৱ’ নামৰ নৈশ বাছ খনত গৰু সৰবৰাহৰ কৰাৰ খবৰ আৰক্ষীয়ে লাভ কৰি অভিযান চলোৱাত গৰুসহ বাহন খন জব্দ কৰিবলৈ সক্ষম হয় মিছা আৰক্ষীয়ে।
জব্দ কৰা গৰুসমূহ আৰক্ষীয়ে নগাঁও গো শালালৈ প্ৰেৰণ কৰে।









