
নৃশংস! টকা নিদিয়াৰ বাবে ড্ৰাগছ আসক্ত পুত্ৰই ডিঙি চেপি হত্যা কৰিলে মাতৃক…
এক নৃশংস হত্যাকাণ্ড।
পুত্রৰ হাতত প্রাণ গ’ল এগৰাকী মাতৃৰ।
বৃহস্পতিবাৰে হাইলাকান্দিৰ টোলৰোডত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।
জানিব পৰা মতে, মাতৃয়ে ২০ হাজাৰ টকা নিদিয়াৰ বাবেই হত্যা কৰিলে পুত্ৰ ত্ৰিদীপ দেবৰয়ে।
পুত্ৰই ডিঙি চেপি অতি নৃশংসভাৱে হত্যা কৰে মাতৃ জয়শ্ৰী দেৱৰয়ক।
জয়শ্ৰী দেবৰয় আছিল অৱসৰপ্ৰাপ্ত কৰ্মচাৰী।
ঘটনা সন্দৰ্ভত ত্ৰিদীপ দেবৰয়ক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ।





