অসম

নিবনুৱাৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, এতিয়াৰে পৰা চাকৰিৰ বাবে দিব নালাগে বেলেগ বেলেগ পৰীক্ষা…

বৃহস্পতিবাৰে সদনত গৃহীত হ’ল এখন বিশেষ বিল।

এতিয়াৰে পৰা বেলেগ বেলেগ বিভাগৰ কাৰণে বেলেগ বেলেগ পৰীক্ষা দিব নালাগে।

APSC আৰু UPSCৰ দৰে এখন ব’ৰ্ডে অনুষ্ঠিত কৰিব সকলো পৰীক্ষা।

সদনত গৃহীত হ’ল এই সম্পৰ্কীয় ‘‘The Assam Direct Recruitment Commissions for Analogous Posts in Class-III and Class-IV Bill, 2021’’।

সেই পৰীক্ষাত চৰ্ত থাকিব পৰীক্ষাৰ্থীৰ বাবে। কোন বিভাগত চাকৰি বিচাৰে সেই সন্দৰ্ভত থাকিব চৰ্ত।

১ লাখ নিযুক্তি এই নতুন প্ৰক্ৰিয়াৰ জৰিয়তে হ’ব। ১০ মে’ৰ আগতে ৫০ হাজাৰ নিযুক্তি এই প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হ’ব।

প্ৰথম পৰ্যায়ত ১ লাখ নিযুক্তি পৰীক্ষামূলকভাৱে অনুষ্ঠিত কৰা হ’ব। পৰিৱর্তে সময়তে এই ব্যৱস্থাই পাব স্থায়ী ৰূপ।

কোনো ব্যক্তিগত সংস্থাক এতিয়াৰে পৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *