আজি পঞ্চভূতত বিলীন হ’ব চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ নশ্বৰ দেহ।
নিশা মহাতাৰকা জনৰ নশ্বৰ দেহ ৰখা হৈছিল জ্যোতি চিত্রবনত। তাতেই শেষ শ্রদ্ধা জ্ঞাপন বিভিন্ন ব্যক্তি, দল-সংগঠনে।
আজি পুৱা ৯ বজাত গোস্বামীদেৱৰ নশ্বৰ দেহ নিয়া হয় শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রলৈ, তাৰ পিছত দীঘলীপুখুৰী, ৰবীন্দ্র ভৱনলৈ নিয়া হয় নশ্বৰদেহ।
যশস্বী অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।
তেওঁ কয়-নিপনদাৰ স্মৃতি জাউতি যুগীয়া কৰি তুলিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।
উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা ৯.১৫ বজাত ইহলীলা সম্বৰণ কৰিছিল বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে। অভিনেতা গৰাকীৰ মৃত্যুক শোকৰ ছা পৰিছে সমগ্ৰ ৰাজ্যতে।









