অসম

নাগালেণ্ডত নতুনকৈ ৩খন জিলা ঘোষণা, ৰাজ্যখনত মুঠ জিলাৰ সংখ্যা….

নাগালেণ্ডত নতুনকৈ ৩খন জিলা ঘোষণা নেইফিউ ৰিঅ’ৰ চৰকাৰৰ।

নাগালেণ্ডৰ ম’ন জিলাৰ অটিঙত সেনাৰ গণহত্যাৰ বিৰুদ্ধে নগা ৰাইজৰ ক্ষোভ দিনকদিনে বৃদ্ধি পাবলৈ লোৱাৰ সময়তে আজি নাগালেণ্ড চৰকাৰে ৰেংমা জনগোষ্ঠীৰ নগাসকলৰ দীৰ্ঘদিনীয়া দাবী হঠাতে মানি লৈ তিনিখনকৈ নতুন জিলা গঠনৰ কথা ঘোষণা কৰে।

নাগালেণ্ডত সন্নিৱিষ্ট নতুন জিলাকেইখন হৈছে চেমিনিউ, নিউলেণ্ড আৰু চুমুকেডিমা।

ইয়াৰ পূৰ্বে ৰাজ্যখনত ১২ খন জিলা আছিল আৰু এই নতুন তিনিখন জিলাৰ সংযোজনৰ সৈতে নাগালেণ্ডত মুঠ জিলাৰ সংখ্যা ১৫ খনলৈ বৃদ্ধি পায়।

দেওবাৰে ক’হিমাত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেটত ক’হিমা জিলাক ভাগ কৰি টচেমিনিউ জিলা আৰু ডিমাপুৰ জিলাক ভাগ কৰি নিউলেণ্ড আৰু চুমুকেডিমাক জিলা হিচাপে ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *