নহয় সলনি, ঘোচ লাগিবই! পুনৰ উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল…

ৰাজ্যৰ চক্ৰ বিষয়াৰ কাৰ্যলয়ত মাটিৰ দালাল তথা ঘোচখোৰ মণ্ডলক আটক কৰাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ উৎকোচ লৈ হাতেলোটে গ্ৰেপ্তাৰ হ’ল এগৰাকী লাট মণ্ডল।

কোকৰাঝাৰত উৎকোচ ল’বলৈ গৈ এগৰাকী লাট মণ্ডল আৰক্ষীৰ জালত পৰে।

কোকৰাঝাৰ চহৰস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত গ্ৰেপ্তাৰ হোৱা লাটমণ্ডলগৰাকী মহিদুল ইছলাম। 

পাঁচ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’বলগীয়া হয় লাট মণ্ডল মহিদুল ইছলাম৷

কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লাট মণ্ডলজনক।

এই সন্দৰ্ভত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই কয় – লাটমন্ডল মহিদুলৰ বিৰুদ্ধে জাতিগত প্ৰমাণ -পত্ৰ দিয়াৰ নামত এজন ব্যক্তিৰ পৰা যোৱা ৮ অক্টোবৰত পাঁচ হাজাৰ টকা উৎকোচ দাবী কৰা বুলি অভিযোগ লাভ কৰো৷

সেই মৰ্মে কোকৰাঝাৰ আৰক্ষীয়ে ১০ অক্টোবৰত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে আৰু আজি কোকৰাঝাৰ সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুনম পেগু, কোকৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত সাধাৰণ পোছাকত যোৱা আৰক্ষীৰ দলে লাট মণ্ডল গৰাকীক হাতে-লোটে পাঁচ হেজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে।

Leave a Comment