নতুন দিল্লীৰ এইমছলৈ স্থানান্তৰ কৰাৰ সম্ভৱনা ৰেগিঙৰ বলি হোৱা আনন্দ শৰ্মাক….

নতুন দিল্লীৰ এইমছলৈ স্থানান্তৰ কৰাৰ সম্ভাৱনা ৰেগিঙৰ বলি হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাক।

উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সেৰে নতুন দিল্লীৰ এইমছলৈ নিয়াৰ সম্ভাৱনা আছে আনন্দ শৰ্মাক।

২ ডিচেম্বৰত সম্পন্ন হোৱাৰ সম্ভাৱনা আছে আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ।

চৰকাৰৰ সহায়ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এইমছলৈ নিয়াৰ যোজা চলাইছে আনন্দ শৰ্মাক।

এই কথা সদৰি কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই।

ৰাজহাড় দুটা স্থানত ভাগিছে আনন্দ শৰ্মাৰ।

ৰাজহাড় ভঙাৰ লগতে হাত, ভৰি-বুকুতো গুৰুতৰ আঘাত পাইছে আনন্দই। যাৰ ফলত শৰীৰৰ কেইবাটাও অংগ প্ৰায় অচল হৈ পৰিছে।

বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অসমৰ আমগুৰি নিবাসী ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মা

উল্লেখ্য যে, ৰেগিং গোচৰত জড়িত থকাৰ অভিযোগত ইতিমধ্যেই বিশ্ববিদ্যালয়খনৰ মুঠ ২২ গৰাকী শিক্ষাৰ্থীক বহিষ্কাৰ কৰা হৈছে।

ইফালে, ডিব্ৰুগড় ৰেগিং কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে। PNGB হোষ্টেলৰ তিনি ৱাৰ্ডেনক জেৰা। দিব্যজ্যোতি দত্ত, পলাশ দত্ত আৰু আবু মুস্তাকুৰক জেৰা।

কেইবাঘণ্টা ধৰি জেৰা ডিব্ৰুগড় আৰক্ষীৰ। ADC সংঘমিত্ৰা বৰুৱাৰ নেতৃত্বত আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া। পঞ্জীয়ক পৰমানন্দ সোণোৱালকো কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত জেৰা চলোৱা হৈছে।