নগৰবেৰাত আৰক্ষীৰ জালত দুই গভাইত চোৰ, উদ্ধাৰ চুৰি সামগ্ৰী…

নগৰবেৰাত আৰক্ষীৰ জালত দুই গভাইত চোৰ।

লোকৰ ঘৰৰ ধন-সোন ,আ-অলংকাৰ নহয় ,চোৰৰ চফট টাৰ্গেট অফিচ-কাছাৰীৰ বৈদ্যুতিক পানী তোলা পাম্প।

নগৰবেৰাত একাধিক বিদ্যালয়ৰ উপৰি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ পানীৰ পাম্প চুৰি কৰি মঙ্গলবাৰে আৰক্ষীৰ জালত দুই যুৱক।

আৰক্ষীয়ে আটক কৰা যুৱক দ্বয় ক্ৰমে-নগৰবেৰা দোকুচি গাঁৱৰ অজিত কলিতাৰ পুত্ৰ প্ৰণৱ কলিতা আৰু ৰাম গোলাম হৰিজনৰ পুত্ৰ পৱন হৰিজন।

চোৰৰ দলটিত আৰু একাধিক সদস্য থকাৰ অনুমান আৰক্ষীৰ।

আনহাতে চুৰি পাম্প সমূহ যুৱকদ্বয়ৰ পৰা ক্ৰয় কৰাৰ অপৰাধত নগৰবেৰা নিউ মাৰ্কেট’ৰ দোকানী এজনকো আটক কৰে আৰক্ষীয়ে।

পানীৰ পাম্প চোৰ ধৰা পৰাত স্বস্তিৰ নিশ্বাস এৰিছে অঞ্চলবাসী।

Leave a Comment