নিউজ ডেস্ক। এগৰাকী মহিলাৰ ধৰ্ষণকাণ্ড তথা মহিলাগৰাকীৰ ৩ মহীয়া কেচুৱাৰ শােকাৱহ মৃত্যুৰ ঘটনাক গাপ দিয়াৰ অভিযােগত গ্ৰেপ্তাৰ হ’ল এগৰাকী গাঁওবুঢ়া।
ছয়গাওঁ উকিয়াম দীঘলবিলৰ গাওঁবুঢ়া অমৃত ৰাভাক গ্ৰেপ্তাৰ আৰক্ষীৰ।
দীঘলবিলৰ এক ধৰ্ষণ আৰু তিনি মহীয়া কেঁচুৱা মৃত্যুৰ ঘটনা লুকুৱাই ৰাখিছিল গাঁওবুঢ়া অমৃত ৰাভাই।
ছয়গাওঁ উকিয়াম দীঘলবিলত সংঘটিত হৈছিল এই জঘন্য ঘটনা।

বিবাহিত মহিলাক ধৰ্ষণৰ সময়তে কৰুন মৃত্যু ঘটে ৩ মহীয়া কেচুৱাৰ।
ধৰ্ষণকাৰী ভূপেন ৰাভাৰ প্ৰলােভনত ঘটনাক গাপ দিয়াৰ অপচেষ্টা চলাইছিল গাঁওবুঢ়াসহ একাংশ স্থানীয় লােকে।
অৱশ্যে এই বিষয়ে তথ্য লাভ কৰাৰ পাছতে ছয়গাওঁ থানাৰ আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল তীব্ৰ অভিযান।

অতি দুৰ্গম স্থানৰ পৰা গাঁত খান্দি উলিওৱা হৈছিল শিশুটিৰ মৃতদেহ।
ধৰ্ষণ, শিশুৰ মৃত্যুৰ বাবে দায়ী লম্পট ভূপেন ৰাভা ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ছয়গাঁও আৰক্ষীয়ে।
২৮ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ঘটনা।
লগতে চাওকঃ
কন্যা সন্তান জন্ম হোৱাৰ বাবেই পেট্ৰ’ল পাম্পৰ মালিকে গ্ৰাহকলৈ আগবঢ়ালে ‘বাম্পাৰ অফাৰ’!









