ধুবুৰীৰ শোকাৱহ নাও দুৰ্ঘটনা! এতিয়াও সন্ধান নাই ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ…

ধুবুৰীৰ শোকাৱহ নাও দুৰ্ঘটনা।

বৰ্তমানেও সন্ধানহীন হৈ আছে ধুবুৰী ৰাজহ চক্ৰ বিষয়া সঞ্জু দাস।

২৯ ছেপ্টেম্বৰ তাৰিখে পুৱা প্ৰায় ১০.৩০ মান বজাত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাটো।

চৰকাৰী তথ্য মতে দুৰ্ঘটনাটোৰ সময়ত সেই কালিকা লগা নাও খনত আছিল ২৯ গৰাকী যাত্ৰী।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা বৰ্তমানলৈ অব্যাহত আছে এনডিআৰএফ আৰু এছডিআৰএফ দলৰ অভিযান।

কিন্তু এইপৰ্যন্ত কোনো সন্ধান লাভ কৰা নাি ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ।

অভিযানকাৰী দলটোৱে ধুবুৰীৰ আয়ৰণ জংলা দ্বিতীয় খণ্ড অঞ্চলৰ সমীপৰ বৰ লুইতত আজি ড্ৰোণেৰেও আৰম্ভ কৰিছে অভিযান।

ধুবুৰী উপায়ুক্তই জানিবলৈ দিয়া মতে, ইতিমধ্যে এই অভিযানৰ বিষয়ে বাংলাদেশ চৰকাৰৰ লগতো যোগাযোগ কৰি থকা হৈছে। কাৰণ দুৰ্ঘটনাৰ স্থানৰ পৰা বাংলাদেশ সীমান্তৰ দূৰত্ব প্ৰায় পাঁচ কিলোমিটাৰ।