ধুবুৰীৰ নাও দুৰ্ঘটনাত সন্ধানহীন চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ…

ধুবুৰীৰ নাও দুৰ্ঘটনাত সন্ধানহীন চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ।

ঘটনাস্থলীৰ পৰা ১কি.মি আঁতৰত উদ্ধাৰ বিষয়াগৰাকীৰ মৃতদেহ।

উদ্ধাৰ অভিযানৰ চতুৰ্থ দিনা উদ্ধাৰ হ’ল মৃতদেহ।

309243039 10160201480085132 2443684893262215025 n
ধুবুৰীৰ নাও দুৰ্ঘটনাত সন্ধানহীন চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ... 4

উল্লেখ্য যে, যোৱা ২৯ ছেপ্টেম্বৰত ধুবুৰীৰ ব্ৰহ্মপুত্ৰত সংঘটিত হৈছিল ভয়ংকৰ নাও দুৰ্ঘটনা।

চক্ৰ বিষয়া সঞ্জু দাসৰ সৈতে আন কেইবাজনো লোক সন্ধানহীন হৈ আছিল ব্ৰহ্মপুত্ৰৰ বুকুত।

ঘটনাৰ ৭২ ঘণ্টাৰ পাছত উদ্ধাৰ চক্ৰ বিষয়াজনৰ মৃতদেহ।

309829021 474886884678578 4413673987033486732 n
ধুবুৰীৰ নাও দুৰ্ঘটনাত সন্ধানহীন চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ... 5

আনহাতে ধুবুৰীৰ ফেৰী দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে ধুবুৰী জিলাৰ উপায়ুক্তই শনিবাৰে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছিল।

ফেৰী বা নাৱত অধিক যাত্ৰী যাব নোৱাৰিব।  জীৱন ৰক্ষাকাৰী সামগ্ৰী যেনে লাইফ জেকেট, অগ্নি নিৰ্বাপক যন্ত্ৰ, ফাৰ্ষ্ট এইড বক্স আদি থাকিব লাগিব।

1
ধুবুৰীৰ নাও দুৰ্ঘটনাত সন্ধানহীন চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ... 6

আনহাতে কাৰ্গো বা সামগ্ৰী কঢ়িওৱা নাও বা ফেৰীত আভ্যন্তৰীন জলপৰিবহণ বিভাগে নিৰ্ধাৰণ কৰা নাও বা ফেৰীৰ সৰ্বাধিক চাৰিজন কৰ্মচাৰীৰ বাহিৰে কোনো লোক বা যাত্ৰী যাব নোৱাৰিব বুলি উপায়ুক্তগৰাকীয়ে নিৰ্দেশনা জাৰি কৰে।