দৰিদ্ৰতা যে সফলতাৰ হেঙাৰ হ’ব নোৱাৰে তাক পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে এগৰাকী যুৱকে।
কঠিন প্রত্যাহ্বানক নেওচি এ পি এছ চিত উজলিল ধনশ্ৰীঘাটৰ পিতৃ মাতৃহাৰা ফুংখা বড়ো।
৮১ নং কলবাৰী প্রাথমিক বিদ্যালয় আৰু ২ নং নলবাৰী হাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হৈ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ পৰা ২০১৭ বৰ্ষত ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে ফুংখাই।
সদ্য ঘোষিত এ পি এছ চিৰ কৰ পৰিদৰ্শকৰ ২০ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ফুংখা বড়োই।
ব্যক্তিগত প্রচেষ্টা আৰু একাগ্ৰতাৰ বলত নিজ লক্ষ্যত উপনীত হোৱা ফুংখা বড়োক অভিনন্দন জনাই জিলা এবছুৰ সম্পাদক বাবুৰাম দৈমাৰী, ওৰাং আঞ্চলিক এবছুৰ সভাপতি মহেশ মোছাহাৰী, সম্পাদক মুনীন্দ্ৰ দৈমাৰী, ওৰাং আঞ্চলিক বাথৌ মহাসভাৰ সম্পাদক দেৱৰাম দৈমাৰী, জিলা যুৱ মৰ্চাৰ সম্পাদক সমৰ হাজৰিকা, ধনশ্ৰীঘাট আৰনাই বৈচাগু আফাদৰ সভাপতি তথা বিশিষ্ট সমাজকর্মী চমলা দৈমাৰী, সম্পাদক খগেন দৈমাৰীয়ে।
লগতে ইউ পি পি এল দলৰ কেন্দ্ৰীয় সদস্য গজেন হাইনাৰী, ৰৌতা ব্লক ইউ পি পি এলৰ সভাপতি অতুল স্বৰ্গীয়াৰী, সম্পাদক হবেন বসুমতাৰী, গেলাবিল ডি চি ডি চিৰ সভাপতি চুৱান দৈমাৰী, প্রতিষ্ঠিত ব্যৱসায়ী ৰাতুল দাস, সাংবাদিক জগদীশ পাঠক সমন্বিতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান ব্যক্তিয়ে ধনশ্ৰীঘাটৰ বাসগৃহত আনাই গামোচাৰে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ফুংখা বড়োক।









