‘দেশ বুলিলেই নালাগে আদেশ’! আজি মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী…

আজি মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী।

১৬২২ চনৰ ২৪ নৱেম্বৰত জন্ম লাভ কৰিছিল বৰ অসমক মোগলৰ হাতৰ ৭ বাৰকৈ ৰক্ষা কৰা বীৰ লাচিত বৰফুনে।

ৰাজকীয় পৰিয়ালত জন্ম লাভ কৰাৰ বাবেই শিশু কালৰে পৰাই সামৰিক শিক্ষাও লাভ কৰিছিল লাচিত বৰফুকনে।

প্ৰথমাৱস্থাত দুৰ্দান্ত ঘোৰাক বশ কৰি ঘোৰা বৰূৱাৰ পদ লাভ কৰা লাচিত বৰফুকনে নিজৰ কৰ্তব্যপৰায়ণতা, কৰ্মনিষ্ঠাৰ বাবে পাছলৈ লাভ কৰিছিল ফুকনলুং পদবী।

সেই লাচিত বৰফুকনে পৰাক্ৰমী মোগল সেনাক পৰাস্ত কৰিবলৈ অসমৰ ওখ পাহাৰ আৰু বৰলুইতৰ সহায়ত ৰচিছিল গেৰিলা যুদ্ধৰ কৌশল।

গড় তৈয়াৰ কৰি শত্ৰুক ৰোধিবলৈ কৰা নিৰ্মাণ কাৰ্যত মোমায়েকে কৰা অৱহেলাৰ বাবে নিমিষতে শিৰচ্ছেদ কৰি প্ৰদৰ্শন কৰিছিল দেশ প্ৰেমৰ চূড়ান্ত উদাহৰণ।

মহাবীৰ গৰাকীৰ জন্ম জয়ন্তীত জনালো সশ্ৰদ্ধ প্ৰণিপাত।