অসম

দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ‘খেল ৰত্ন’ৰ বাবে মনোনীত অসম কন্যা লাভলীনাসহ ১১ জন খেলুৱৈ…

দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেল ৰত্ন পুৰস্কাৰৰ বাবে প্ৰস্তাৱিত এথলেটৰ তালিকা প্ৰকাশ।

উক্ত তালিকাত অসম তনয়া লাভলীনা বৰগোহাঁইসহ অন্তৰ্ভুক্ত হৈছে ১১জন খেলুৱৈৰ নাম।

প্ৰস্তাৱিত এই তালিকাত অলিম্পিকত সোণৰ পদক বিজয়ী নীৰজ চোপ্ৰাৰ নামো অন্তৰ্ভূক্ত হৈছে।

নীৰজ চোপ্ৰা আৰু লাভলীনা বৰগোঁহাইৰ উপৰিও এই তালিকাত অলিম্পিকত ৰূপৰ পদক বিজয়ী মল্লযোদ্ধা ৰবি দাহিয়াৰ নামো অন্তৰ্ভূক্ত কৰা হৈছে।

অন্যান্য খেলুৱৈ সকল হৈছে ক্ৰমে- হকী খেলুৱৈ পি আৰ শ্ৰীজেছ, ফুটবলাৰ সুনীল চেত্ৰী, ক্ৰিকেটাৰ মিতালী ৰাজ, পেৰা বেডমিণ্টন খেলুৱৈ প্ৰমোদ ভগত, সুমিত আণ্টিল আৰু কৃষ্ণ নাগৰ, পেৰা শ্বুটিং খেলুৱৈ অৱনী লেখৰা আৰু এম নৰোৱালে।

মেজৰ ধ্যান চান্দ খেল ৰত্ন পুৰস্কাৰৰ বাবে প্ৰস্তাৱিত এথলেটৰ তালিকাত অসম কন্যা লাভলীনাৰ নাম অন্তৰ্ভূক্ত হোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী।

উল্লেখ্য যে, অলিম্পিকত একমাত্ৰ পদকজয়ী অসমীয়া হৈছে লাভলীনা বৰগোহাঁই।

লগতে চাওকঃ

শিহৰণকাৰী! কােলাত কেচুৱা লৈ জলপ্ৰপাতত আবদ্ধ হৈ পৰিল মাতৃ, তাৰ পাছত ঘটিল এই ঘটনা…

Leave a Reply

Your email address will not be published. Required fields are marked *