অসমঅসমীয়া

দুৰ্গন্ধৰ উৎস বিচাৰি যোৱাত পাহাৰত উদ্ধাৰ দুটা হাতীৰ মৃতদেহ!

নিউজ ডেস্ক। ৰাজ্যত পুনৰ বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা।

মৰিগাঁও জিলাৰ জাগীৰোডৰ সোণাকুছি পাহাৰৰ ওপৰত উদ্ধাৰ হৈছে দুটা বনৰীয়া হাতীৰ মৃতদেহ।

ইয়াৰে এটা হাতীৰ বয়স ৭-৮ বছৰ, আনটোৰ বয়স ৩-৪ বছৰ বুলি অনুমান কৰা হৈছে।

কম বয়সীয়া হাতী দুটাৰ মৃত্যুৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত পোহৰলৈ অহা নাই।

উল্লেখ্য যে সোণাইকুছি পাহাৰৰ নামনিত বাস কৰা একাংশ স্থানীয় লোকে তিনি দিনৰ পূৰ্বে হাতী দুটা প্ৰত্যক্ষ কৰিছিল।

অৱশ্যে তেতিয়া তেওঁলোকে হাতী দুটা গছৰ তলত শুই থকা বুলি ভাবিছিল।

ইপিনে, মংগলবাৰে একাংশ স্থানীয় লোকে খৰি লুৰিবলৈ পাহাৰলৈ যোৱা অৱস্থাত উৎকট দুৰ্গন্ধ পায়।

লোকসকলে দুৰ্গন্ধৰ উৎস বিচাৰি গৈ হাতীৰ মৃতদেহ দুটা প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে।

বন বিভাগৰ লোকে চিকিৎসকসহ ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে প্ৰাথমিক তদন্তও কৰে।

মৃতদেহ উৱঁলি যোৱালৈ লক্ষ্য কৰি কমেও ১০ দিন পূৰ্বে হাতী দুটাৰ মৃত্যু হোৱা বুলি চিকিৎসকে ধাৰণা কৰিছে।

অৱশ্যে এই পৰ্যন্ত মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটন কৰিব পৰা নাই বন বিভাগে।

লগতে চাওকঃ

প্ৰেমিকক লগ ধৰিবলৈ কাঁইটীয়া তাঁৰৰ বেৰ পাৰ হৈ ভাৰতত প্ৰৱেশ বাংলাদেশী যুৱতীৰ, গ্ৰেপ্তাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *