দুমাহৰ ভিতৰত মোকলাই দিয়া হ’ব কাগজ কলৰ কৰ্মচাৰীৰ ধনঃ মুখ্যমন্ত্ৰী…

কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ।

সম্পন্ন হ’ল মুখ্যমন্ত্ৰীৰ সৈতে কাগজ কলৰ কৰ্মচাৰীৰ অন্তিমখন বৈঠক৷

এই বৈঠকত প্ৰায় ৫৭০ কোটি টকা মোকলাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

বৈঠকৰ পাছতে কাগজ কলৰ কৰ্মচাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই টুইটযোগে অনাদায় দৰমহা সন্দৰ্ভত বুজাবুজি হোৱা বুলি ঘোষণা কৰে৷

দুমাহৰ ভিতৰত মোকলাই দিয়া হ’ব ধন।

মাজনিশা ২ বজালৈ কাগজ কলৰ কৰ্মীৰ সৈতে ৪ ঘণ্টা ধৰি চলিল মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক৷

কাগজ কলৰ কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া দাবীৰ ক্ষেত্ৰত সমাধান সূত্ৰ ওলোৱা বুলি প্ৰকাশ কৰে টুইটযোগে৷

উল্লেখ্য যে কাগজ কলৰ কৰ্মচাৰীক বিগত মাহত আৱাসগৃহ খালী কৰাৰ নিৰ্দেশ দিছিল চৰকাৰে৷ ইয়াৰ পূৰ্বেই কৰ্মচাৰীৰ দৰমহা আদায় দিয়া হ’ব৷

লগতে ১০০ কৰ্মচাৰীক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰো সিদ্ধান্ত লোৱা হয়৷

Leave a Comment