অসম

দুঃখবৰ! চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই…

ৰাজ্যবাসীৰ বাবে আন এক দুঃখবৰ।

চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু নাই।

GMCH ত বিয়লি ৩.১৫ বজাত ইহলীলা সম্বৰণ কৰে চিত্ৰশিল্পী গৰাকীয়ে।

৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰখ্যাত চিত্ৰশিল্পীগৰাকীৰ।

২২ ছেপ্তেম্বৰত GMCH ত ভৰ্তি কৰোৱা হৈছিল চিত্ৰশিল্পী গৰাকীক।

২২ ছেপ্তেম্বৰৰ পৰা গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল নীলপৱন বৰুৱা।

মঙলবাৰৰ পৰা ভেণ্টিলেশ্যনত আছিল চিত্ৰশিল্পীগৰাকী।

image 224

যোৰহাটৰ টীয়কত ১৯৩৬চনৰ ১জুনত জন্মগ্রহণ কৰিছিল নীলপৱন বৰুৱাই।

খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত বাকৰুদ্ধ অসমবাসী।