দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ চিছদিয়াৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানিৰ গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ…

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা আপৰ নেতা মনিষ চিছদিয়াৰ মানহানি গোচৰ তৰিলে ৰিনিকি ভূঞা শৰ্মাই।

মনিষ চিছদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ গোচৰ তৰে ৰিনিকি ভূঞা শৰ্মাই।

PPE কীট কেলেংকাৰীক লৈ মনিষ চিছদিয়াই দিল্লীত এক সংবাদমেল অনুষ্ঠিত কৰিছিল।

উক্ত সংবাদ মেলতে ৰিণিকি ভূঞাৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল উপ মুখ্যমন্ত্ৰী গৰাকীয়ে।

৪ জুনত উপ-মুখ্যমন্ত্ৰী মনীষ চিছদিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে এন এইছ এমৰ ঠিকাৰ দ্বাৰা পিপিই কীট যোগান ধৰা বুলি সংবাদ মেলখনত কৈছিল।

PPE কীট সন্দৰ্ভত দিয়া সেই সংবাদ মেলত অনাহকত চৰকাৰী ঠিকাৰ সৈতে ৰিণিকি ভূঞা শৰ্মাৰ নাম সাঙুৰি লৈছিল বুলি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল।

উক্ত ঘটনা সন্দৰ্ভত মঙলবাৰে ৰিণিকি ভূঞা শৰ্মাৰ হৈ অধিবক্তা পদ্মধৰ নায়কে চিভিল আদালতত গোচৰ তৰে।

অধিবক্তাৰ মতে, জে চি বি ইণ্ডাষ্টিৰ ১৪৮৫টা পি পিই কীট CSRৰ মতে দান কৰিছে অসম চৰকাৰক। জে চি বি ইণ্ডাষ্টিয়ে কোনো বিল ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক দাখিল কৰা নাই।