দিনত চৰকাৰক টেটু ফালি গালি দিয়া কোচ ৰাজবংশী নেতা ৰাতি হ’লেই মন্ত্ৰীৰ দুৱাৰে-দুৱাৰে ঘূৰেঃ বিশ্বজিৎ ৰায়

দেশৰ ৫ খন ৰাজ্যৰ একাধিক জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ পিছতে ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

কিয়নো জনজাতিকৰণৰ আওতালৈ নাহিল অসমৰ ছয় জনগোষ্ঠী।

সূদীৰ্ঘ দিন ধৰি চলি থকা আন্দোলনৰ পাছতো পূৰণ নহ’ল জনজাতিকৰণৰ দাবী।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ে।

তেওঁ কোচ ৰাজবংশীসকলৰ জাতীয় সংগঠন সমুহৰ নেতৃবৰ্গৰ ভুলৰ বাবেই চৰকাৰে প্ৰতাৰণা কৰিবলৈ সূযোগ পাইছে বুলি মন্তব্য কৰিছে।

তেওঁ কোচ ৰাজবংশী জাতীয় সংগঠনৰ নেতা সকল ৰাজনৈতিক দলৰ হাতত বিক্ৰী যোৱা বাবে কোচ ৰাজবংশীসকল পুনৰ জনজাতিকৰণৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

বিশ্বজিত ৰায়ে কোচ ৰাজবংশীসকলৰ জাতীয় সংগঠন সমুহৰ নেতৃবৰ্গই দিনত চৰকাৰ, মন্ত্ৰী-বিধায়কক টেটু ফালি গালি পাৰে আৰু ৰাতি হ’লে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰে বুলি বিস্ফোৰক মন্তব্য কৰে।

স্কুটাৰ চলোৱা নেতাই বৰ্তমান ৫০ লাখ টকীয়া গাড়ীত ঘূৰি আছে বুলি মন্তব্য কৰি “আছে অস্ত্ৰ ধৰা নাই , ধৰিলে ৰক্ষা নাই” বুলি শ্লোগান দিলে জাতীয় সমস্যা সমাধান নহয় বুলি উল্লেখ কৰে বিশ্বজিৎ ৰায়ে।

আনহাতে ডবল ইঞ্জিনযুক্ত চৰকাৰ বুলি কোৱা বিজেপি চৰকাৰক প্ৰতাৰক আখ্যা দি বিশ্বজিৎ ৰায়ে কয় যে, ২০১৪ চনৰ ১৯ এপ্ৰিলত বঙাইগাঁওৰ কাকৈজনাত নৰেন্দ্ৰ মোডীয়ে বিজেপি চৰকাৰ শাসনলৈ আহিলে ৬ মাহৰ ভিতৰত কোচ ৰাজবংশীক জনজাতিকৰণ কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি কাৰ্যকাৰী নহ’ল।

তাৰোপৰি কোচ ৰাজবংশীকে ধৰি আন ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত ২০১৯ চনত ৰাজ্যসভাত উত্থাপন কৰা বিধেয়কখন মাথো ‘কা’ আন্দোলন প্ৰশমিত কৰাৰ উদ্দেশ্যেহে আছিল বুলি মন্তব্য কৰি বিশ্বজিৎ ৰায়ে বিস্ফোৰক মন্তব্য কৰে।