নিউজ ডেস্ক। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কাৰ্যালয়সমূহত দালালৰাজ উৎখাত কৰাৰ উদ্দেশ্যে অসম আৰক্ষীক কঠােৰ পদক্ষেপ ল’বলৈ নিৰ্দেশনা জাৰী কৰিছে।
এই নিৰ্দেশনাৰ পাছতে আৰক্ষীয়ে ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে আৰম্ভ কৰিছে জােৰদাৰ অভিযান। ৰাজ্যৰ জিলাই জিলাই আটক হৈছে মাটিৰ দালাল তথা ভূ-মাফিয়া।
ইতিমধ্যে, আৰক্ষীয়ে ৪৫৩ গৰাকী দালালক গ্ৰেপ্তাৰ কৰা বুলি টুইট কৰি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই দালালসকলৰ মাজত আছে কেবাজনাে ৰাজনৈতিক নেতাও।
ইপিনে, আৰক্ষীৰ এই অভিযানৰ মাজতে হাইলাকান্দিত ঘটিল এক আজব ঘটনা।
হাইলাকান্দিত আৰক্ষীয়ে আটক কৰা দুজন মাটিৰ দালাল তথা নিজৰ দলীয় কৰ্মীক আলগাপুৰ থানাৰ পৰাই উলিয়াই নিলে AIUDF দলৰ বিধায়ক নিজামুদ্দিনে।
জানিব পৰা মতে, আৰক্ষীয়ে নিশা আটক কৰিছিল ছৰফউদ্দিন বৰভূঞা, আনোৱাৰ উদ্দিন লস্কৰ নামৰ দুজন মাটিৰ দালালক।
কিন্তু আৰক্ষীৰ ওপৰত হেঁচা প্ৰয়ােগ কৰি থানাৰ পৰাই দুয়ােজনক মুকলি কৰি নিয়ে বিধায়কগৰাকীয়ে।
Hailakandi MLA Nijamuddin released 2 arrested land dalals from police station, garlanded them and paraded till his home. Several BJP leaders arrested during the drive, but none was released. What action CM @himantabiswa will take against these 2 will be interesting @assampolice pic.twitter.com/ffGLEg5F1t
— atanu bhuyan (@atanubhuyan) September 21, 2021
কেৱল এয়াই নহয়, দালাল দুজনক মালা পিন্ধাই দলীয় কৰ্মীৰ উপস্থিতিত শােভাযাত্ৰা কৰি ওভতাই নিয়া হয়।
এই শােভাযাত্ৰাৰ মাজতে ফটকা ফুটাই আনন্দ উল্লাস কৰে একাংশই।
চাওক ভিডিঅ’
ইপিনে, এই ঘটনাৰ খবৰ লাভ কৰি ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পাছতে আৰক্ষীয়ে এই দুজনৰ মাজৰ এজনক পুনৰ আটক কৰে বুলি জানিব পৰা গৈছে।









