অসমঅসমীয়া

তেজপুৰ পৌৰ সভাত নিশ্চিহ্ন হ’ল কংগ্ৰেছ, একমাত্ৰ বিজয়ী প্ৰাৰ্থীগৰাকীৰো বিজেপিত যোগদান

নিউজ ডেস্কঃ ক্ৰমাৎ নিশ্চিহ্ন হোৱাৰ দিশে দেশৰ ইতিহাস সম্বলিত ৰাজনৈতিক দল কংগ্ৰেছ। ইজনৰ পিছত সিজন কংগ্ৰেছ নেতাৰ দলত্যাগে এতিয়া লাহে লাহে দুৰ্বল কৰি পেলাইছে কংগ্ৰেছৰ ভেটি।

বিশেষকৈ অসমৰ শেহতীয়া কেইবাটাও নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাচয়ে অসমত প্ৰায় অস্তিত্বহীন কৰি পেলাইছে দলটোক।

কংগ্ৰেছত অব্যাহত থকা দলীয় বিসম্বাদ আৰু খহনীয়াৰ মাজতে এতিয়া কংগ্ৰেছ শূণ্য হ’ল তেজপুৰ পৌৰ সভা। শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৰাজ্যৰ পৌৰসভা নিৰ্বাচনত তেজপুৰত কংগ্ৰেছে এটা ৱাৰ্ডত জয়লাভ কৰি মান ৰক্ষা কৰিছিল।

FSOp46uaMAEkVGa

কিন্তু সেই এটা ৱাৰ্ডো এতিয়া হেৰুৱালে কংগ্ৰেছ। তেজপুৰ পৌৰ সভাৰ ৬নং ৱাৰ্ডৰ পৰা জয়লাভ কৰা কংগ্ৰেছ প্ৰাৰ্থী সুমন দাসে বিজেপিত যোগদান কৰাৰ পিছতে পৌৰসভাখনত একেবাৰে নিশ্চিহ্ন হৈ পৰিল ৰাষ্ট্ৰীয় দলটো।

উল্লেখ্য যে, তেজপুৰ পৌৰ সভা নিৰ্বাচনত কংগ্ৰেছে ৬ নং ৱাৰ্ডৰ পৰা সুমন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগে ২নং ৱাৰ্ডত প্ৰাৰ্থিত্ব দিছিল সুমনৰ মাতৃৃ সোণালী দাসক। নিৰ্বাচনত সুমনে জয়লাভ কৰে যদিও মাতৃ পৰাজিত হয়।

FSOp32BaIAAu1hB

কিন্তু শেহতীয়াকৈ সুমন দাসে দেওবাৰে তেজপুৰৰ পৰা গুৱাহাটীত উপস্থিত হৈ বিজেপিৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰে।

বিজেপি নেতা ফণীন্দ্ৰ শৰ্মা, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসৰ লগতে কেইবাগৰাকীও নেতাৰ উপস্থিত সুমনে যোগ দিয়ে শাসকীয় দলটোত।

সুমন দাসৰ বিজেপি গমনৰ পিছতে এতিয়া তেজপুৰ পৌৰ সভাত বিজেপিৰ সদস্যৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে অগপৰ তিনিজন আৰু নিৰ্দলীয় এজন পৌৰসদস্য আছে পৌৰ সভাখনত।

বিজেপিয়ে মহিলা আৰু যুৱ চামৰ বাবে কৰা কাম-কাজত আকৰ্ষিত হৈয়ে বিজেপি দলত যোগদান কৰাৰ লগতে কংগ্ৰেছ দলৰ একাংশই তেওঁক উপেক্ষা কৰা বুলি মন্তব্য কৰি কংগ্ৰেছ ত্যাগ কৰে সুমন দাসে।

Leave a Reply

Your email address will not be published. Required fields are marked *