নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকৰ খুন্দাত কৰুণ মৃত্যু ৩ ঘােঁৰাৰ। থিতাতে মৃত্যু ঘটিল বাইক আৰােহী যুৱক জনৰাে।
এই ঘটনাৰ স্থান নাজিৰাৰ ধোদৰআলি।
জানিব পৰা মতে, পথৰ ওপৰত শুই থকা ঘোঁৰা মহতীয়াই নিলে বাইক আৰােহী যুৱকজনে।
তীব্ৰবেগী বাইখনৰ খুন্দাত তিনিটা ঘোঁৰাৰ মৃত্যু হৈছে।
থিতাতে নিহত যুৱকজন নাজিৰাৰ লখিমী আলিৰ যুৱক অজয় মেচ বুলি জানিব পৰা গৈছে।









