অৱশেষত আফগানিস্তানত চৰকাৰ গঠন কৰিলে তালিবানে।
তালিবানৰ শাসনত অহাৰ লগে লগে আফগানিস্তানৰ শিক্ষা ব্যৱস্থা সম্প্ৰতি ভাঙি পৰাৰ আশংকা প্ৰকট হৈ পৰিছে।
আফগানিস্তানত মোল্লা মহম্মদ হাছান আখুন্দৰ নেতৃত্বত তালিবান বাহিনীয়ে চৰকাৰ গঠন কৰাৰ পিছতে বিভিন্ন বিভাগত মন্ত্ৰীও নিযুক্তি দিছে।
দেশখনৰ শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰিছে মৌলবী নুৰুল্লা মুনিয়ে।
শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰিয়ে মৌলবী নুৰুল্লা মুনিয়ে কয়- পি এইচ ডি বা মাষ্টাৰ ডিগ্ৰীৰ কোনো মূল্য নাই। PhD কৰা সকলতকৈ মোল্লা সকল শ্ৰেষ্ঠ।
তেওঁ কয়- আফগানিস্তানত উচ্চ শিক্ষাৰ কোনো প্ৰয়োজন নাই। কাৰণ দেশখনৰ ক্ষমতা দখল কৰা শীৰ্ষ মোল্লা আৰু তালিবানী নেতাসকলৰ কাৰো পি এইচ ডি বা মাষ্টাৰ ডিগ্ৰী নাই। আনকি তেওঁলোকৰ স্কুলীয়া শিক্ষাও নাই। কিন্তু এই মোল্লাসকলে এতিয়া সবাতোকৈ শ্ৰেষ্ঠ।
আনহাতে মহিলাৰ শিক্ষাৰ ক্ষেত্ৰতো কেইবাটাও নীতি–নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ছাত্ৰীসকলে শ্ৰেণী কোঠালৈ হিজাব আৰু নিকাব পৰিধান কৰি আহিব লাগিব আৰু তেওঁলোকে ছাত্ৰসকলৰ পৰা পৃথকে বহিব লাগিব
নতুন শিক্ষামন্ত্ৰীৰ এনে ঘোষণাক লৈ সাধাৰণ আফগান নাগৰিকৰ মাজত এতিয়া তীব্ৰ অসন্তুষ্টিয়ে দেখা দিছে।









