তন্ত্ৰ-মন্ত্ৰৰে আনৰ দুখ-দুৰ্দশা আঁতৰাবলৈ গৈ ৰাইজৰ ৰোষত ভণ্ড বাবা, লপা-থপা দি গতালে আৰক্ষীক

তন্ত্ৰ-মন্ত্ৰৰে আনৰ দুখ-দুৰ্দশা আঁতৰাবলৈ গৈ ৰাইজৰ ৰোষত পৰলি এজন ভণ্ড বাবা।

ডিমৌৰ সমীপৰ কাছমাৰীত ৰাইজৰ হাতত আটক হ’ল লংকাৰ ভণ্ড তান্ত্রিক জমীৰ হুছেইন।

ক্ষোভিত ৰাইজে লপা থপা দি গতালে ডিমৌ আৰক্ষীক।

image 187
তন্ত্ৰ-মন্ত্ৰৰে আনৰ দুখ-দুৰ্দশা আঁতৰাবলৈ গৈ ৰাইজৰ ৰোষত ভণ্ড বাবা, লপা-থপা দি গতালে আৰক্ষীক 3

একেটা অঞ্চলতে পূর্বেও একাংশ লোকক তাবিজ দিয়াৰ নামত ঠগ প্ৰৱঞ্চনাৰে হেজাৰ-হেজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইছে।

জানিব পৰা মতে, গীতা গগৈ নামৰ এগৰাকী মহিলাৰ ঘৰত ভণ্ড হুছেইন উপস্থিত হৈ পূজা কৰাৰ নামত ঘৰত থকা সোণৰ আ-অলংকাৰ শুদ্ধিকৰণ কৰিব লাগিব বুলি কৈ এটা পাত্ৰত সোণৰ অলংকাৰ কেইপদ ভৰাই থবলৈ দি কৌশলেৰে উক্ত পাত্ৰৰ পৰা সোণৰ অলংকাৰসমূহ নিজৰ বেগত ভৰাই লয়, আৰু উক্ত পাত্ৰটো নুখুলিবলৈ কয়।

image 188
তন্ত্ৰ-মন্ত্ৰৰে আনৰ দুখ-দুৰ্দশা আঁতৰাবলৈ গৈ ৰাইজৰ ৰোষত ভণ্ড বাবা, লপা-থপা দি গতালে আৰক্ষীক 4

অন্যথা মহিলাগৰাকীৰ পুত্ৰ তেজ বমি কৰি মৃত্যু মুখত পৰিব বুলি ভয় দেখুৱাই গীতাৰ বাসগৃহ ত্যাগ কৰিবলৈ লওঁতেই গীতা আৰু পুত্রই হাতে লোটে ভণ্ড বাবা ৰূপী হুছেইনক আটক কৰে।

লগে লগে স্থানীয় ৰাইজে গীতাৰ বাসগৃহত উপস্থিত হৈ বাবা ৰূপী ভণ্ড জনক লপা-থপা দি ডিমৌ আৰক্ষীক গতাই দিয়ে।

পাছত ডিমৌ আৰক্ষীয়ে হুছেইনৰ পৰা সোণৰ আ-অলংকাৰসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।