অসম

ড্ৰাগছসহ আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড কৰিয়াৰাৰ গাগা…

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে নৱবৰ্ষৰ পহিলা দিনটোত ৰঙিয়া আৰক্ষীয়ে লাভ কৰে এক বৃহৎ সফলতা৷

শনিবাৰে ৰঙিয়া আৰক্ষীৰ এটি দলে এক অভিযান চলাই দুজন ড্ৰাগছ সৰবৰাহকাৰীসহ আটক কৰে৷

আৰক্ষীৰ দলটোৱে লগতে 22.62 গ্ৰাম ওজনৰ 7 টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, 2 টা ম’বাইল আৰু এটা ছিৰিঞ্জসহ নগদ ধন জব্দ কৰে ৷

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে- কৰিয়াৰাৰ গাগা আৰু ৰিংকু ৰায় বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ড্ৰাগছ সৰবৰাহ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ম’ষ্ট ৱাণ্টেড গাগা।

মাত্ৰ কিছুদিন পূৰ্বে জামিন লাভ কৰা গাগাই পুনৰ ড্ৰাগছ ব্যৱসায়ত জড়িত হৈছিল।

শনিবাৰে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই পুনৰ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী গাগা আৰু ৰিংকু ৰায়ক৷

সম্প্ৰতি আৰক্ষীয়ে সৰবৰাহকাৰী দুজনক ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *